99
চামগুৰিঃ নগাঁৱৰ গোমোঠাগাঁও আৰু নৰ্টমগাঁৱৰ মাজত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে পুৱতি নিশা এখন তেল পৰিবাহী টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাত সমগ্ৰ অঞ্চল জুৰি তীব্ৰ আতংকৰ সৃষ্টি হৈছে।
আনুমানিক ২০ হাজাৰ লিটাৰ পেট্ৰ’ল কঢ়িয়াই টেংকাৰখন নুমলীগড়ৰপৰা মাইবঙৰ দিশে গৈ থকা অৱস্থাতে বিপৰীতমুখী এখন অচিনাক্ত বাহনে অগা-দেৱা কৰাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো।