94
গুৱাহাটীঃ বিজেপিৰ এজেণ্ডা এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ জিংগা লালা নৃত্য। পল্লৱ লোচন দাসৰ অমাৰ্জিত ব্যৱহাৰ, ৰমাকান্ত দেউৰীৰ অশ্লীল ভাষণ বিজেপিৰ এজেণ্ডা। এই অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ দুৰ্গা দাস বড়োৰ।
এক সংবাদমেলত বড়োৱে কয় যে বিজেপিয়ে গুৰুত্বপূৰ্ণ ইছ্যুসমূহ এৰাই চলিছে। লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁইৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক তেওঁ গৰিহণা দিয়ে। ঘটনাত ভূৱন পেগু আৰু প্ৰদান বৰুৱা জড়িত থকাৰ অভিযোগ কৰিলে কংগ্ৰেছ নেতাজনে।