ডিজিটেল ডেস্কঃ স্বচ্ছ ভাৰত অভিযানৰ দ্বাৰা আয়োজিত এক প্ৰতিযোগিতাত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে স্বচ্ছ চহৰ হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে নগাঁও চহৰে। ৰাজ্যৰ ৰাজধানী চহৰসমূহৰ ব্যতিৰেকে আন চহৰসমূহৰ শিতানত উত্তৰ-পূৰ্বাঞ্চল মণ্ডলৰ ভিতৰত নগাঁও চহৰে শ্ৰেষ্ঠত্ব অৰ্জন কৰে।
একাধিক শিতানত আয়োজিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল দেশৰ অধিকাংশ চহৰে। প্ৰতিযোগিতাৰ অন্তত ৪ মে’ত এক সংবাদ মেলৰ জৰিয়তে স্বচ্ছ চহৰৰ তালিকাত কোনখন চহৰে কি স্থান লাভ কৰিছে সেয়া ঘোষণা কৰা হয়।