চাবুৱাঃ চাবুৱাবাসী ৰাইজৰ দাবীতেই জুবিন গাৰ্গক ঐতিহ্যমণ্ডিত চাবুৱা অাঞ্চলিক ৰঙালী বিহু সন্মিলনৰ হীৰক জয়ন্তী উপলক্ষে সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ কৰিছিল যদিও হঠাতে এই সিদ্ধান্ত সলনি কৰাৰ কথা সাংবাদিকৰ আগত সদৰী কৰে সমিতিখনে।
সম্প্ৰতি জুবিনে বিহুমঞ্চত হিন্দী গীত গোৱাক লৈ চলি থকা তৰ্ক-বিতৰ্কৰ পৰিপ্ৰেক্ষিততে এই সিদ্ধান্ত লোৱা বুলি জনাইছে বিহু সমিতিখনে। বিহু মঞ্চত হিন্দী গীত গামেই বুলি দৃঢ়প্ৰতিজ্ঞ জনপ্ৰিয় শিল্পীগৰাকীক লৈ কোনো কাৰণতে ৰিস্ক ল’ব খোজা নাই মঞ্চৰ বিহু উদযাপন কৰি ৬০ বছৰ অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত চাবুৱা অাঞ্চলিক ৰঙালী বিহু সন্মিলনে।