জয়ন্ত মুদৈ, নগাঁওঃ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ, অসমৰ অন্তৰ্গত নগাঁও জিলা সমিতিখনৰ দুই বছৰীয়া কাৰ্যকাল ইতিমধ্যে সমাপ্ত হোৱাত কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰে পুনৰ নগাঁও জিলা সমিতিখন গঠন কৰা হয়।
সেই উদ্দেশ্যে নগাঁও পেন্সন ভৱন প্ৰেক্ষাগৃহত জিলা সভাপতি এহিয়া হাচান আনচাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যখ্যা কৰে সম্পাদক জাহাংগীৰ আলমে। সভাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সম্পাদক আবু বক্কৰ ছিদ্দিক উপস্থিত থাকি কয় যে, প্ৰতিটো জাতি-জনগোষ্ঠীৰ লোকৰ উন্নয়নৰ বাবে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে প্ৰতিষ্ঠাৰেপৰাই নিষ্ঠাৰে কাম কৰি আহিছে আৰু প্ৰতিটো জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বাৰ্তাৰে সাম্প্ৰতিক সময়ত সহযোগিতা কৰি আহিছে।