Home ক্ৰীড়াআইপিএলৰ ১২ সংখ্যক সংস্কৰণ বঁটা প্ৰদান…. বিস্ফোৰক ৰাছেললৈ আইপিএলৰ দুটা সন্মান

আইপিএলৰ ১২ সংখ্যক সংস্কৰণ বঁটা প্ৰদান…. বিস্ফোৰক ৰাছেললৈ আইপিএলৰ দুটা সন্মান

by News Desk
A+A-
Reset
1eff98c2-b547-41ea-8a1a-0c4dedcb6945

নতুন দিল্লীঃ প্ৰায় ডেৰ মাহৰ অন্তত দেওবাৰে সামৰণি পৰিল ভাৰতীয় ক্ৰিকেটৰ আটাইতকৈ জনপ্ৰিয় টুৰ্নামেণ্ট ইণ্ডিয়ান প্ৰিমীয়াৰ লীগৰ ১২ সংখ্যক সংস্কৰণ। হায়দাৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্টীয় ক্ৰিকেট ষ্টুডিয়ামত অনুষ্ঠিত আইপিএলৰ ২০১৯ বর্ষৰ ফাইনেল খেলখনত মুম্বাই ইণ্ডিয়ানছ দলে ১ ৰাণত তিনিবাৰৰ চেম্পিয়ন চেন্নাই চুপাৰ কিংছক পৰাস্ত কৰি ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰে। ফাইনেল খেলখনত অন্তিমটো বললৈকে জয়ৰ সম্ভাৱনা আছিল চেন্নাই চুপাৰ কিংছৰ হাতত কিন্তু মুম্বাই ইণ্ডিয়ানছৰ লাচিত মালিঙ্গাৰ অন্তিম অভাৰৰ শেষৰতো বলত চেন্নাই উইকেট দখল কৰি বিজয় নিশ্চিত কৰে মুম্বাইক।

ইফালে ফাইনেল খেলৰ পাছতে হায়দাৰাবাদৰ ৰাজীৱ গান্ধীৰ আন্তঃৰাষ্টীয় ক্ৰিকেট ষ্টুডিয়ামত আইপিএলৰ ১২ সংখ্যক সংস্কণৰ শ্ৰেষ্ঠত্ব সন্মানসমূহ প্ৰদান কৰা হয়। সেই অনুসৰি ইণ্ডিয়ান প্ৰিমীয়াৰ লীগৰ ১২ সংখ্যক বর্ষৰ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰি “অৰেঞ্জ কেপ”ৰ সন্মান লাভ কৰে চানৰাইজাৰ্ছ হায়দাৰাবাদ খেলুৱৈ ডেভিড ৱাৰ্নাৰে। খেলোৱৈ গৰাকীয়ে মুঠ ১২ খন মেছত ৬৯২ ৰাণ সংগ্ৰহ কৰিছিল। একেদৰে সৰ্বাধিক উইকেট দখল কৰি “পাৰপুল কেপ”ৰ  সন্মান লাভ কৰে চেন্নাই চুপাৰ কিংছৰ স্পীনাৰ বলাৰ ইমৰান তাহিৰে। তাহিৰে মুঠ ১৬ খন খেলত মুঠ ৬৩ অভাৰ বলিং কৰি লাভ কৰে ২৬ ইউকেট। আনহাতে, ২৬ উইকেট দখল কৰা তাহিৰ আইপিএলৰ এটা সংস্কৰণত সৰ্বাধিক উইকেট দখল কৰা বলাৰৰ সন্মানো লাভ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0