কাৰ্বি আংলংঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ দৰেই সম্পূৰ্ণৰূপে বিধস্ত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ। অসম, নাগালেণ্ড, মণিপুৰ সংযোগী পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমাৰ মাজেদি যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ অৱস্থা দেখিলে চকু কপালত উঠিব আপোনাৰ৷ ১ নং এছিয়ান ঘাইপথ ৰূপে পৰিচিত এই পথটো এতিয়া মৰণফান্দত পৰিণত হৈছে৷ আন্তঃৰাষ্ট্ৰীয় সংযোগী এই পথটো বাৰিষাত যেন হৈ পৰে একো একোটা প্ৰকাণ্ড পুখুৰী।
বিভিন্ন দল-সংগঠন তথা স্থানীয় ৰাইজে ঘাইপথটোৰ মেৰামতি তথা পুনৰ নিৰ্মাণৰ বাবে বিভিন্ন সময়ত বহু প্ৰতিবাদ কৰি আহিছে যদিও সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি শাসিত ৰাজ্যিক চৰকাৰখনে বিগত তিনি বছৰত কথাৰ ফুলজাৰীৰ বাহিৰে যেন একো নকৰিলে। বাৰিষা কালত প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত সমূহৰ বাবে কোনো যান-বাহন চলাচল কৰিব নোৱাৰা হৈছে অথবা নিতৌ সৰু ডাঙৰ দুৰ্ঘটনাও সংঘটিত হৈ আহিছে। স্কুলৰ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলেও প্ৰতিবাদ কৰিবলৈ বাধ্য হৈ পৰিছে।