নগাঁওঃ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ এখন বেচৰকাৰী শিক্ষানুষ্ঠান ৰামপুৰ ছলাপথাৰ আব্দুছ ছালাম জাতীয় বিদ্যালয়ৰপৰা এশ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণৰে স্থানীয় অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে৷
শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ছফিকুল ইছলামে জানিবলৈ দিয়া মতে, বিদ্যালয়খনৰ পৰা এই বাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১৮ জন ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল৷ ইয়াৰে মোক্তাৰ হুছেইন আৰু তাৰিক আনোৱাৰে ডিষ্ট্ৰীংচন লাভ কৰি বিদ্যালয়খনৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আনহাতে, চাৰিজন ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ, সাতজন ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগ আৰু পাঁচ জন ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ এশ শতাংশ উত্তীৰ্ণৰ হাৰে গৌৰৱ কঢ়িয়াই আনিছে।