বিশ্বনাথ চাৰিআলিঃ সমগ্ৰ ৰাজ্যতে বহু প্ৰতাক্ষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সফলতা লাভ কৰা ছাত্ৰ-ছাত্ৰী তথা বিদ্যালয়সমূহত উছাহ- উদ্দীপনা চলি থকাৰ সময়তে বিশ্বনাথৰ এখন বিদ্যালয়ত সৃষ্টি হ’ল এক উত্তপ্ত পৰিস্থিতিৰ। বিদ্যালয়খনে সন্তোষজনক ফলাফল লাভ নকৰাৰ বাবেই সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতিৰ।
বিশ্বনাথ জিলাৰ বালিপুখুৰীস্থিত বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ১২৬ গৰাকী ছাত্ৰ ছাত্ৰী। তাৰ বিপৰীতে উত্তীৰ্ণ হৈছে মাত্ৰ ১৬ গৰাকী ছাত্ৰ ছাত্ৰী অৰ্থাৎ ১৩ শতাংশ। তাৰে ২ জন প্ৰথম বিভাগত, ৪ জন দ্বিতীয় আৰু ১০ জন তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। বিদ্যালয়খনে এনে নিম্নগামী ফলাফল লাভ কৰাৰ পিছতেই শিক্ষক সকলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অভিভাৱক তথা স্থানীয় ৰাইজ। বিদ্যালয়খনত পাঠদান কৰাত চৰম হেমাহি কৰা বুলি অভিযোগ উত্থাপন কৰিছে অভিভাৱক সকলে।