গুৱাহাটীঃ জনতা ভৱনত দিছপুৰ বিধানসভাৰ বিশেষ অধিবেশনৰ প্ৰথম দিনটোতে ৰাজপথত তেজৰ মোহৰ লগালে সদৌ অসম সংযোগী শিক্ষাকৰ্মী সংস্থাই। বিভিন্ন বিদ্যালয়ত কৰ্মৰত হৈ থকা সংযোগী শিক্ষা কৰ্মীসকলক পুনৰ নিযুক্তি, বয়সৰ উৰ্ধসীমা ৰেহাই আৰু সহায়ক শিক্ষক হিচাপে পাঠদানত নিয়োজিত কৰাবলৈ দাবী জনাই অহা সংস্থাই আজি প্ৰতিবাদী কাৰ্য্যসূচীৰে উত্তাল কৰি তোলে লাষ্টগেট।
ইয়াৰ পূৰ্বেও ২৬ ফেব্ৰুৱাৰীত সংযোগী শিক্ষাকৰ্মীসকলে চৰকাৰ তথা শিক্ষা বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ দীঘলীপুখুৰীৰ পাৰত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছিল। কিন্তু ৰাজ্য চৰকাৰে কোনো ধৰণৰ ফলপ্ৰসু সিদ্ধান্ত গ্ৰহণ নকৰাত পুনৰ ১৮ মাৰ্চত সৰ্বশিক্ষা মিছনৰ সঞ্চালকালয়ৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল।