মুছলপুৰঃ বাক্সা জিলাৰ বৰমা থানাৰ অন্তৰ্গত বাঙালীপাৰাত বনকৰা মহিলাৰ লুটি নিলে ধন-সোণ সহ লক্ষাধিক টকাৰ সম্পত্তি। দীপা দাস নামৰ এগৰাকী মহিলাই বাঙালীপাৰাৰ এটা পৰিয়ালত কেইমাহ মানৰ পৰা আশ্ৰয় লৈ কাম বন কৰি কৰি আছিল। নিৰাশ্ৰয়া মহিলা গৰাকীক আশ্ৰয় দিছিল পৰিয়ালটোৱে।
কিন্তু দেওঁবাৰে সন্ধিয়া ঘৰত পুৰুষ নথকাৰ সুযোগত দীপা দাসে ঘৰত থকা বৃদ্ধা কাজুৱালা বৈশ্যক প্ৰথমে মাৰি বগৰাই দিয়ে৷ সেই সময়ত মাকৰ ঘৰত থকা অন্তসত্বা জীয়ৰী সীমা দাস ওলাই অহাত তাইকো মাটিত বগৰাই থৈ বনকৰা মহিলা দীপাই পলায়ন কৰে।