79
গুৱাহাটীঃ লোকসভাৰ নিৰ্বাচনত চমকপ্ৰদ বিজয়ৰ পাছত দেওবাৰে মাতৃ আশীৰ্বাদ লয়গৈ নৰেন্দ্ৰ মোডীয়ে। বিয়লি পাঁচ বজাত বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমৃত শ্বাহৰ সৈতে আহমেদাবাদত উপস্থিত হয়গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। তাৰ পাছতে পোনে পোনে তেওঁ ৰাওনা হয় মাতৃ কাষলৈ।
উল্লেখ যে শনিবাৰে সংসদৰ চেণ্ট্ৰেল হলত এনডিএৰ নৱ নিৰ্বাচিত সাংসদসকলে আনুষ্ঠানিকভাৱে তেওঁলোকৰ নেতা ঘোষণা কৰাৰ পাছতে নিশা ৯ বজাত ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণত মোডী উপস্থিত হয় ৰাষ্ট্ৰপতিৰ ভৱনত।