নতুন দিল্লীঃ দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনত বৃহৎ জয়ৰ পাছত আজি দ্বিতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোডীয়ে। মোডীৰ লগতে এনডিএৰ কেবিনেট মন্ত্ৰীসকলেও বৃহস্পতিবাৰে শপতগ্ৰহণ কৰিব।
ৰাষ্ট্ৰপতিৰ ভৱনত সন্ধিয়া ৭ বজাৰপৰা এই শপতগ্ৰহণ অনুষ্ঠান আয়োজন কৰা হৈছে। ইতিমধ্যে ৰাষ্ট্ৰপতিৰ ভৱনৰ প্ৰাংগণ সম্পূৰ্ণৰূপে সজাই তোলা হৈছে। আজি এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰায় ৬০০০ হাজাৰ অতিথি উপস্থিত থাকিব। তাৰ ভিতৰত এশ প্ৰবাসী ভাৰতীয়, সাত ৰাষ্ট্ৰ প্ৰধান থাকিব বুলি জানিব পৰা গৈছে৷