51
নতুন দিল্লীঃ চাৰি বছৰীয়া এক দীঘলীয়া উৎকন্ঠা অৱসান। ৩০ মে’ বৃহস্পতিবাৰৰপৰা আৰম্ভ আইচিচি ক্ৰিকেটৰ বিশ্বকাপ। ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত হ’ব লগীয়া এইবাৰ বিশ্বকাপ ক্ৰিকেটত দেশৰ লগতে ১০ খন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিব৷
৩০ মে’ৰপৰা জুলাই ১৪ তাৰিখলৈ ৪৫ দিন ধৰি চলিব লগীয়া বিশ্বকাপ টুৰ্ণামেণ্ট খনৰ আজি প্ৰথমখন মেছত মুখা-মুখী হ’ব আয়োজক দেশ ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকা। ভাৰতীয় সময় অনুসৰি আজি আৰম্ভণি খেলখন অনুষ্ঠিত হ’ব দিনৰ ৩ বজাৰপৰা।