গুৱাহাটীঃ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ আমূল পৰিৱৰ্তনৰ কথা কৈ স্বাস্থ্যখণ্ডত বৈপ্লৱিক উন্নয়ন হোৱা বুলি ঢাক-ঢোল বজাই ফুৰা ক্ষমতাশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগ এতিয়া পৰিণত হৈছে চৰম প্ৰহসনত। তাৰে উদাহৰণ ১৯৮৪ চনতে গুৱাহাটীৰ মহানগৰীত স্থাপন কৰা মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়।
পূৰ্বৰ তুলনাত চিকিৎসালয়খনত আজি বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা কিন্তু অতি দুৰ্ভাগ্যজনক কথা ৰোগীৰ সংখ্যাৰ বৃদ্ধিৰ পোৱাৰ পাছতো আজি পৰ্যন্ত চৰকাৰী চিকিৎসালয়খনত নাই উন্নত চিকিৎসা ব্যৱস্থা। আনহে নালাগে মহানগৰৰ অধিকাংশ ব্যক্তিৰ বাবে গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালৰ
পাছতে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হাস্পতালখনত আজিলৈকে হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্যৰ বিভাগে আইচিইউৰ ব্যৱস্থা কৰিব নোৱাৰিলে।