116
নতুন দিল্লীঃ আইচিচি বিশ্বকাপ ক্ৰিকেটৰ উন্মাদনাই সমগ্ৰ বিশ্বক আলোকিত কৰি তোলাৰ সময়তে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে ভাৰতীয় ক্ৰিকেটৰ অন্যতম খেলুৱৈ যুৱৰাজ সিঙে।
২০০০ চনত কেনিয়াৰ বিৰুদ্ধে জাতীয় দলৰ হৈ আন্তৰ্জাতিক ক্রিকেটত আৰম্ভণি ঘটাইছিল পাঞ্জাৱৰ অল ৰাউণ্ডাৰ গৰাকীয়ে। তাৰ পাছতে শ্ৰেষ্ঠত্ব উজাৰি খেলি গৈছিল ইখনৰ পাছত সিখন খেল। উল্লেখ্য যে, বিভিন্ন সময়ত ভাৰতীয় দলৰ জয়ত মূখ্যভূমিকা গ্ৰহণ কৰিছিল অল ৰাউণ্ডাৰ যুৱৰাজ সিঙে।