ফখৰুল ইছলাম, দৰংঃ দৰিদ্ৰতা আৰু ৰোগে পিষ্ট কৰিছে দৰঙৰ দলগাঁৱৰ এটি শিশুক। নাম ত্ৰিদিপ বৰুৱা। ঘৰ দলগাঁৱৰ নিজ ঝাকুৱাপাৰাত। পিতৃ গকুল বৰুৱা আৰু মাতৃ বিনা বৰুৱাৰ একমাত্ৰ সন্তান ত্ৰিদিপ।
উচ্চ ৰক্তচাপত সাত বছৰ আগতেই পিতৃৰ মৃত্যুৰ পাছত মাতৃ বিনা বৰুৱাই লোকৰ ঘৰত কাম-বন কৰি কোনোমতে পেট প্ৰৱৰ্তাই আছে। তিনি বছৰ আগতে হঠাৎ পুত্ৰ ত্ৰিদিপ অসুস্থ হৈ পৰে। খুজি-মাগি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ দীৰ্ঘ দিন চিকিৎসা চলাই আছিল যদিও কোনো ধৰণৰ সুফল নোপোৱাত এতিয়া অসমত ত্ৰিদিপৰ চিকিৎসা নহ’ব বুলি ডক্টৰে অৱগত কৰাত চিন্তাত ভাগি পৰিছে মাতৃ তথা পৰিয়ালটো।