68
ডিজিটেল ডেস্কঃ সোনকালেই ভাৰতৰ স্মাৰ্টফোনৰ বজাৰত উপলব্ধ হ’ব চাৰিটা কেমেৰা যুক্ত ফোন৷ চীনৰ স্মাটফোন নিৰ্মাতা জিয়’নিয়ে অতি শীঘ্ৰে মুকলি কৰিব এই ফোন৷
জিঅ’নি এছ ১০ ত সংযুক্ত হ’ব চাৰিটাকৈ কেমেৰা৷ ম’বাইলটোৰ ফ্ৰন্ট কেমেৰা দুটা ২০ আৰু ৮ মেগাপিক্সেল আৰু বেক কেমেৰা ১৬ আৰু ৮ মেগাপিক্সেল হয়৷ ফোনটোৰ ডিচপ্লে ৫.৫ ইঞ্চি আৰু ৪ জিবি ৰোম৷ ইন্টাৰনেল ষ্ট’ৰেজ ৬৪ জিবি আৰু বেটাৰিৰ সক্ষমতা ৩৪৫০ এম এ এইছ৷