পলাশবাৰীঃ আৰক্ষী থানাৰ অন্তৰ্গত বৰিহাট আমৰাংগা নিবাসী লৱ দাসৰ পত্নী নৱনীতা দাস দহ বছৰীয়া পুত্ৰ অক্ষয় দাসৰ সৈতে ঘৰৰপৰা চিকিৎসালয়লৈ বুলি ওলাই গৈ যোৱা ১৭ জুনৰপৰা নিৰুদ্দেশ হৈ আছে।
স্বামী তথা পৰিয়ালবৰ্গই আত্মীয়-কুটুম্বৰ ঘৰত মাতৃ-পুত্ৰৰ খবৰ কৰিছিল যদিও কোনো সম্ভেদ নাপাই পলাশবাৰী থানাত এখন এজাহাৰ দাখিল কৰিছে। মিৰ্জা চ’কত চাৰিচকীয়া গাড়ীৰ ভিতৰত মাতৃ-পুত্ৰক কোনো অচিনাকী ব্যক্তিয়ে গুৱাহাটী অভিমুখে যোৱা বুলি সন্দেহ কৰাৰ লগতে পত্নীয়ে ব্যৱহাৰ কৰা ম’বাইল ফোনটোও ৰিং হয় যদিও ৰিচিভ নকৰে বুলি স্বামীয়ে এজাহাৰত উল্লেখ কৰে।