মঙলদৈঃ কাম সম্পুৰ্ণ হোৱা-নোহোৱাৰ খতিয়ান মন্ত্ৰী-বিধায়কে ৰাখক বা নাৰাখক, উদ্বোধনী অনু্ষ্ঠানত ঠিকেই উপস্থিত হ’ল মঙলদৈৰ সাংসদ ৰমেন ডেকাই। মঙলদৈ চহৰখনৰ মাজমজিয়াত থকা চুপহি নামৰ উদ্যান এখন নিৰ্মাণ কৰা হৈছিল মঙলদৈৰ গুৰুজ্যোতি দাসৰ বিধায়ক পুঁজিৰপৰা।
মঙলদৈৰ মাজমজিয়াতে ১৩ লক্ষাধিক ধনৰ বিনিময়ত চলা নিৰ্মাণ কাৰ্য শেষ কৰিব নোৱাৰিলেও উদ্যানখন উদ্ধোধন কৰিলে সাংসদ ৰমেন ডেকাই। পৰৰ পিঠাৰে বিহু খেদি পৰম তৃপ্তি লাভ কৰা বুলি স্থানীয় ৰাইজে কোৱামতে সাংসদ ৰমেন ডেকাই ধুমকেতুৰ লেখীয়াকৈ আৱিৰ্ভাৱ হোৱাৰ অভিযোগ উত্থাপন কৰিছে।