নাৰায়ণপুৰঃ সমগ্ৰ বিশ্বৰ বৌদ্ধ ধৰ্মালম্বী লোকসকলৰ লগতে নাৰায়ণপুৰ বৰখামতি গাঁৱত পৰম্পৰাগত ভাবে আজি দিনজোৰা কাৰ্যসূচীৰে ২৫৬১ তম বুদ্ধ জয়ন্তী উদযাপন কৰা হয়। সমূহ গাওঁবাসীৰ আৰু অতিথিবৃন্দৰ উপস্থিতিত পুৱা ৭ বজাত বিশ্ব বৌদ্ধ পতাকা উত্তোলন কৰে গাঁৱৰ পাঠেক চাও তেৱম নামছুম দেৱে।
পুৱা ১১ বজাত ধৰ্মালোচনা সভাত ধৰ্মপুথি পাঠ ও পঞ্চশীল গ্ৰহণ কৰাৰ পিছত ১২ বজাত লঘু আহাৰেৰে অতিথি আপ্যায়ন কৰা হয়। সন্ধ্যা ৬ বজাত এহেজাৰ বন্তি প্ৰজ্বলনেৰে ইশ্বৰক প্ৰাৰ্থনা জনোৱাৰ লগতে বুদ্ধ জয়ন্তী ২৫৬১ তম কাৰ্যসূচীৰ সামৰণি কৰা হয়।