66
চিলাপথাৰঃ এক সুখবৰে আনন্দিত কৰি তুলিলে চিলাপথাৰবাসীক। ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণ লাভ কৰি সুনাম কঢ়িয়াই আনিলে চিলাপথাৰৰ কিশোৰ ওম চন্দ্ৰ চেত্ৰীয়ে (১৪ বছৰৰ অনুৰ্ধ)।
যোৱা ২৩-২৬ জুনলৈকে মধ্যপ্ৰদেশৰ ভূপালত অনুষ্ঠিত ‘প্ৰি টিন’ আৰু ‘প্ৰি জুনিয়ৰ’ ৰাষ্ট্ৰীয় পেনচাক চিলাত চেম্পিয়নচীপত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। দেশৰ ৩২ খন ৰাজ্যৰ ৯০০ খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত।