জিতুমণী দাস, আজাৰাঃ অভিনয় ভাল পোৱা এজাক কিশোৰ-কিশোৰী, একো একোজন সৃষ্টিশীল মনৰ অধিকাৰী হৈ অভিনয়ৰ যোগেদি জীৱনক আগবঢ়াই নিয়াৰ সুযোগ দিয়াৰ মানসৰে দক্ষিণ কামৰূপৰ অন্যতম সেচ্ছাসেৱী সংগঠন ‘ঐক্যতা’ৰ দেওবাৰৰপৰা ১৫ দিনিয়াকৈ তৃতীয় বাৰ্ষিক বিনামুলীয়া নাট কৰ্মশালাখনি অনুষ্ঠিত হৈছে।
পুৱা ৯ বজাত ‘ঐক্যতা’ৰ সভাপতি ধৰ্মেন্দ্ৰ দাসে পতাকা উত্তোলনৰ পিছতেই বৃক্ষ ৰোপন কৰে সাংবাদিক তথা আপকু, কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক নীৰেন চন্দ্ৰ মালী আৰু ‘ঐক্যতা’ৰ সাধাৰণ সম্পাদক জীতুমণী দাসে।