নতুন দিল্লীঃ মহেন্দ্ৰ সিং ধোনীয়ে ক্ৰিকেটৰপৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত দেশসেৱাৰ বাবে ৰাজনীতিত যোগদান কৰিব নেকি?
মাহীয়ে বিজেপিৰ সদস্যতা গ্ৰহণ কৰাৰ সম্ভাৱনা। কাৰণ এই দাবী বিজেপি নেতাই নিজেই কৰিছে। বিহাৰৰ বিজেপি জ্যেষ্ঠ নেতা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীয়ে দাবী কৰিছে যে মহেন্দ্ৰ সিং ধোনীয়ে বিজেপিৰ সদস্যতা গ্ৰহণ কৰিব। বিহাৰ বিধানপৰিষদৰ সদস্য আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সঞ্জয় পাছবানে ক’লে যে ধোনী বিজেপিৰ সদস্যতা গ্ৰহণ কৰিবৰ বাবে তেওঁৰ সৈতে এই সন্দৰ্ভত বহুবাৰ আলোচনা কৰা হৈছে।