42
হেমন্ত কলিতা, নলবাৰীঃ পুৱাৰে পৰা নেৰানেপেৰা বৰষুণৰ মাজতো অগনন ভক্তৰ সমাবেশৰে সোমবাৰে দেহাৰকুছি মনসাপীঠত ত্ৰিবিংশতিতম ৰাজহুৱা শ্ৰীশ্ৰী নাগপঞ্চমী পূজাৰ সামৰণি পৰে৷
পুৱাৰ ভাগত পূজা পৰিচালনা সমিতিৰ সভাপতি বীৰেন্দ্ৰ নাথ শৰ্মাই পতাকা উত্তোলন কৰাৰ পিচতে সমাজসেৱক সুৰেশ চন্দ্ৰ শৰ্মাই স্মৃতি তৰ্পণ কৰে, ইয়াৰ পিছতে পৰম্পৰা ৰীতি অনুযায়ী ঘট স্থাপন আৰু পূজাৰম্ভ আৰু প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত প্ৰবীন শৰ্মাই বৃক্ষ ৰোপন কৰে৷