এক ঐতিহাসিক মূহূৰ্তলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছিল সমগ্ৰ বিশ্বই৷ চলিত বৰ্ষৰ ২২ জুলাইত ইছৰ’ই দিনৰ ২.৪৩ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰিছিল চন্দ্ৰযান–২। ৭ ছেপ্টেম্বৰ অৰ্থাৎ শনিবাৰে নিশা ডেৰ বজাৰ পৰা আঢ়ৈ বজাৰ ভিতৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ কথা আছিল চন্দ্ৰযানৰ লেণ্ডাৰ ‘বিক্ৰম’-ৰ৷ লেণ্ডাৰ ‘বিক্ৰম’ চন্দ্ৰপৃষ্ঠত অৱতৰণৰ প্ৰায় ৩ ঘণ্টাৰ পিছত অৰ্থাৎ শনিবাৰে পুৱা ৫.৩০-৬.৩০ৰ ভিতৰত বাহিৰলৈ ওলাই অহাৰ কথা আছিল ৰ’ভাৰ ‘প্ৰজ্ঞান’। ‘বিক্ৰম’ৰ অৱতৰণ সুনিশ্চিত কৰিবৰ বাবে চন্দ্ৰযানত লেণ্ডাৰ পজিশ্যন ডিটেকছন কেমেৰা, লেণ্ডাৰ হ’ৰাইজেণ্টেল ভেল’ছিটি কেমেৰা, লেণ্ডাৰ হজাৰ্ডছ ডিটেকছন এণ্ড অবিয়েণ্ডছ কেমেৰাকে ধৰি মুঠ তিনিটা কেমেৰা আৰু দুটা কে.এ বেণ্ডৰ আল্টিমিটাৰ-১ আৰু আৰু আল্টিমিটাৰ-২ সংযোগ কৰা হৈছে৷