আৰু মাত্ৰ এটা সপ্তাহ….তাৰ পিছতেই কালৰ বুকুত চিৰদিনলৈ বিলীন হৈ যাব বিক্ৰম আৰু প্ৰজ্ঞান। ৬ ছেপ্তেম্বৰৰ নিশা চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ মাত্ৰ ২.১ কিলোমিটাৰ বাকী থাকোতে ইছৰ’ৰ সৈতে সংযোগ বিছিন্ন হৈছিল লেণ্ডাৰ বিক্ৰমৰ। ৮ ছেপ্তেম্বৰত অৰ্বিটাৰে নিজৰ থাৰ্মেল ইমেজ প্ৰেৰণ কৰিছিল পৃথিৱীলৈ। এতিয়াও বিক্ৰমৰ সৈতে সংযোগ স্থাপন কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ইছৰ’ৰ বিজ্ঞানীয়ে। কিন্তু তেওঁলোকে কোনোধৰণৰ আশাব্যঞ্জক সঁহাৰি লাভ কৰা নাই এতিয়ালৈকে। বিগত এসপ্তাহৰ নেৰানেপেৰা প্ৰচেষ্টা অহা নাই কোনো কামত। বাকী আছে আৰু সাত দিন, এই সাত দিনৰ ভিতৰত ইছৰ’ই বিক্ৰমৰ সৈতে যদি সংযোগ ঘটাব নোৱাৰে তেন্তে চিৰদিনৰ বাবে হেৰুৱাব লাগিব বিক্ৰমক।