অসমলৈ আহিছে এক সুখবৰ৷ ৰাজ্যৰ বিশিষ্টা সাহিত্যিক তথা গীতিকাৰ এলি আহমেদলৈ আগবঢ়োৱা হৈছে এক ৰাষ্ট্ৰীয় সন্মান৷ কেন্দ্ৰীয় চৰকাৰৰ social justice and empowerment বিভাগে ২০১৯ বৰ্ষৰ ‘বয়োশ্ৰেষ্ঠ সন্মান’ বঁটাৰ বাবে নিৰ্বাচিত কৰিছে এলি আহমেদক। প্ৰতি বছৰেই দেশৰ বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়োৱা ব্যক্তিসকলক ভাৰত চৰকাৰে প্ৰদান কৰি আহিছে এই বঁটা। ২০১৯ বৰ্ষত পদ্মশ্ৰী এলী আহমেদক ‘সৃষ্টিশীল লেখা’ৰ বাবে এটা সন্মান আগবঢ়াইছে social justice and empowerment বিভাগে। ৰাজ্যৰ বিশিষ্টা সাহিত্যিকগৰাকীক এটা বঁটা প্ৰদানৰ কথা এক বিবৃতিযোগে জনায় কেন্দ্ৰীয় চৰকাৰৰ social justice and empowerment বিভাগৰ উপ-সচিব এছ এছ কুমাৰে। উল্লেখ্য যে, দেশৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক এই অহা ৩ অক্টোবৰত এই বঁটা প্ৰদান কৰিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হব লগা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি আৰম্ভ হব সন্ধিয়া ৫ বজাৰ পৰা।
এলি আহমেদৰ বিষয়েঃ