নতুন দিল্লীঃ দিল্লীৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানত ভাগ লৈ কেজৰিৱালে চৰকাৰ চলাব নাজানে বুলি মন্তব্য কৰি ছ’চিয়েল মিডিয়াত ট্ৰলৰ সন্মুখীন হোৱা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ শেষ মুহূৰ্তত আহিছে এটি ভাল খবৰ। যিটো সমষ্টিত অসমৰ মুখ্যমন্ত্ৰীজনে প্ৰচাৰ চলাইছিল সেই সমষ্টিটোত একপ্ৰকাৰ জয়ৰ দিশে আগবাঢ়িছে বিজেপিৰ প্ৰাৰ্থী।
উল্লেখ্য যে দিল্লীৰ ৰোহটাছ নগৰ আৰু মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰতিদ্বন্দিতা কৰা নতুন দিল্লী সমষ্টিত দুদিনকৈ প্ৰচাৰ অভিযান চলাইছিল সৰ্বানন্দ সোণোৱালে। সমষ্টি দুটাত প্ৰচাৰ অভিযান চলাই তাত থকা অসম তথা উত্তৰ-পূবৰ ভোটাৰসকলক উদ্দেশ্যি দিল্লীৰ প্ৰকৃত উন্নয়নৰ বাবে আপৰ পৰিৱৰ্তে বিজেপিক ভোট দিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰীজনে।