গুৱাহাটীঃ বিশিষ্ট সাংবাদিক পৰাগ কুমাৰ দাসৰ জন্মদিনৰ লগত সংগতি ৰাখি পূৰ্বৰ ধাৰাৰে এইবাৰো প্ৰদান কৰা হয় পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা। ২০২০ বৰ্ষৰ এই বঁটাৰে সন্মানিত কৰা হৈছে দৈনিক অসমৰ জ্যেষ্ঠ সাংবাদিক বিতোপন বৰবৰাক। পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা বটা প্ৰদান অনুষ্ঠানটোৰ আঁত ধৰে বিশিষ্ট চিন্তাবিদ ড০ শিৱনাথ বৰ্মনে। অসমৰ সংবাদ ক্ষেত্ৰখনৰ সৈতে জড়িত কেবাগৰাকী জ্যেষ্ঠ সাংবাদিক উপস্থিত থকা সভাখনত বৰবৰাক আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰে ‘প্ৰান্তিক’ৰ সম্পাদক প্ৰদীপ বৰুৱাই। অনুষ্ঠানত পৰাগ কুমাৰ দাস স্মাৰক বক্তৃতা প্ৰদান কৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক চন্দন কুমাৰ শৰ্মাই।
পৰাগ কুমাৰ দাস আজিও প্ৰাসংগিক