নতুন দিল্লীঃ দিল্লীত হিংসাত্মক ঘটনা সংঘটিত কৰা আক্ৰমণকাৰীসকলৰ কবলৰ পৰা বাদ পৰা নাছিল বিদ্যালয়ো। NDTV আৰু ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুযায়ী উত্তৰ-পূব দিল্লীৰ শিৱ বিহাৰ অঞ্চলৰ এটা গলিত ওচৰা-ওচৰিকৈ থকা দুখনকৈ স্কুলত ধ্বংসলীলা চলাইছিল উন্মত্ত লোকসকলে। হিংসাত্মক ঘটনাৰ সাক্ষী হৈ ৰোৱা এই বিদ্যালয় দুখন হৈছে ডি আৰ পি কনভেণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু ৰাজধানী পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল।
দুয়োখন বিদ্যালয়তে ২৪ ঘণ্টা ধৰি আক্ৰমণকাৰীসকলে বাহৰ পাতি থকাৰ কথাও জানিবলৈ দিছে প্ৰত্যক্ষদৰ্শীসকলে। খবৰ দিয়াৰ পিছতো বিদ্যালয় দুখনক আক্ৰমণকাৰীৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ তুলিছে স্থানীয় লোকসকলে। দুদিন পিছত যেতিয়া আৰক্ষী আহি উপস্থিত হৈছিল তেতিয়া বিদ্যালয় দুখন এৰি পলায়ন কৰিছিল তাত আত্মগোপন কৰি থকা আক্ৰমণকাৰীসকলে।