নতুন দিল্লীঃ সকলোকে হতবাক কৰি ছ’চিয়েল মিডিয়া বাদ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোমবাৰে এক টুইটযোগে এই কথা সদৰী কৰে ডিজিটেল ইণ্ডিয়াৰ সপোন দেখা প্ৰধানমন্ত্ৰীগৰাকীয়ে। নিশা ৮ বাজি ৫৬ মিনিটত কৰা এই টুইটটো পোৱাৰ লগে লগে হতভম্ব হৈ পৰে দেশৰ প্ৰতিগৰাকী নেটিজেন।
টুইটটোত তেওঁ এতিয়ালৈকে ব্যৱহাৰ কৰি অহা ছ’চিয়েল মিডিয়া টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউব একাউণ্ট অহা সপ্তাহৰ ভিতৰত বন্ধ কৰাৰ কথা গুণা-গঁথা কৰি থকা বুলি জানিবলৈ দিয়ে। বিশ্বৰ ভিতৰতে ছ’চিয়েল মিডিয়াত অধিক সক্ৰিয় হৈ থকা নেতাসকলৰ অন্যতম মোদীয়ে কি কাৰণত এই সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া অৱশ্যে এই পৰ্যন্ত জানিব পৰা হোৱা নাই।