বোকাজানঃ সমগ্ৰ বিশ্বজুৰি দিনক দিনে অধিক প্ৰসাৰ লাভ কৰিবলৈ ধৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ লক্ষ্যৰে বিশেষ সতৰ্কতাৰ ব্যৱস্থা গ্ৰহণ কৰি অহাৰ সময়তে কাৰ্বি আংলং জিলা প্ৰশাসনৰ তৰফৰ পৰাও কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ জিলা দণ্ডাধীশ মুকুল কুমাৰ শইকীয়াই এক নিৰ্দেশনাযোগে জাৰি কৰিছে কেতবোৰ সতৰ্কতা৷
এই অনুযায়ী কাৰ্বি আংলং জিলাৰ যিকোনো হোটেল, ৰেষ্টোৰা আদিত কৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱ থকা ঠাইৰ পৰা অহা কোনো লোক উপস্থিত হ’লে লগে লগে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক জনাবলৈ নিৰ্দেশ দিয়া হৈছে৷ জিলাখনৰ বিবাহ ভৱন, নাট্য মন্দিৰ আদি স্থানত কোনোধৰণৰ ৰাজহুৱা সমাগমৰ আয়োজন নিষিদ্ধ কৰা হৈছে যদিও বিশেষ কাৰণত এনে ভৱন ব্যৱহাৰ কৰিবলগীয়া হলেও সংশ্লিষ্ট পক্ষক জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে৷