নিলাক্ষী হাজৰিকা। প্ৰবাসী অসমীয়া। কৰ্মসূত্ৰে বৰ্তমান লণ্ডনৰ বাসিন্দা। ঘৰ লখিমপুৰৰ মইনাপাৰাত। গ্ৰেট ব্ৰিটেইনত কৰ’নাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ চাক্ষুষ অভিজ্ঞতা বিৱৰি লখিমপুৰত থকা ভাতৃলৈ তেওঁ প্ৰেৰণ কৰিছে অডিঅ’ মেছেজ। প্ৰবাসী এইগৰাকী অসমীয়াই কোনোপধ্যেই বিচৰা নাই যে অসমতো চীন-ইউৰোপৰ দৰে অৱস্থা হওক। কিয়নো তেওঁ ভালকৈয়ে জানে যে ইয়াৰ চিকিৎসা ব্যৱস্থাৰ সবিশেষ। সেই তেওঁ ভাতৃক বাৰম্বাৰ কৈছে যাতে নিজে সাৱধান হৈ থকাৰ লগতে ছ’চিয়েল মিডিয়াৰ জৰিয়তে সকলোকে সজাগ কৰি তোলাৰ চেষ্টা চলায়।
কিমান ভয়াৱহ কৰ’না ভাইৰাছ? কেনেদৰে উন্নত দেশসমূহত ত্ৰাসৰ সৃষ্টি কৰিছে এই ভাইৰাছে? যদি আমাৰ অসমৰ সৰু সৰু চহৰবোৰত ই সংক্ৰমিত হয় তেন্তে পৰিস্থিতি কিমান ভয়াবহ হ’ব পাৰে? এই সকলো কথা স্পষ্ট হৈ পৰিছে লণ্ডনৰ বাসিন্দা নিলাক্ষীৰ অডিঅ’ মেছেজটোত। ইতিমধ্যে ছ’চিয়েল মিডিয়াযোগে অসমত ভাইৰেল হৈ পৰিছে এই অডিঅ’ মেছেজটো।