Home দেশকৰ’নাত এইবাৰ তামিলনাডুতো এজনৰ মৃত্যু, দেশত মৃতকৰ সংখ্যা ১১ লৈ বৃদ্ধি

কৰ’নাত এইবাৰ তামিলনাডুতো এজনৰ মৃত্যু, দেশত মৃতকৰ সংখ্যা ১১ লৈ বৃদ্ধি

by News Desk
A+A-
Reset
coronaintamilnadu1

চেন্নাইঃ ১১ জনলৈ বৃদ্ধি পালে দেশত কৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা লোকৰ সংখ্যা। বুধবাৰে পুৱতি নিশা তামিলনাডুত ৰাজাজী হাস্পতালত মৃত্যু হয় ৫৪ বছৰীয়া এজন কৰ’নাক্ৰান্ত। তামিলনাডুৰ স্বাস্থ্যমন্ত্ৰী চি বিজয়শংকৰে টুইট কৰি জনোৱামতে লোকজনৰ দীৰ্ঘদিন ধৰি COPDৰ সমস্যা আছিল। অনিয়ন্ত্ৰিত ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপতো আক্ৰান্ত হৈ আছিল লোকজন। 

ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে জনাইছিল যে ৰাজ্যখনত নতুনকৈ ৩জনৰ দেহত কৰ’না ভাইৰাছ ধৰা পৰিছিল। আটাইকেইজনকে আইছ’লেশ্যনত ৰখা হৈছে। ‘চেন্নাইত ৩জনৰ ৰিপ’ৰ্ট পজিটিভ পোৱা গৈছে। নিউজীলেণ্ডৰ পৰা ওভতা এজন ৬৫ বছৰীয়া লোক বেচৰকাৰী হাস্পতালত ভৰ্তি হৈ আছে। ৫৫ বছৰীয়া এজন কিলপাউক হাস্পতাল আৰু লণ্ডনৰ পৰা ওভতা ২৫ বৰ্ষীয় যুৱতী এগৰাকী ৰাজীৱ গান্ধী চৰকাৰী চিকিৎসালয়ত ভৰ্তি হৈ আছে।’-এইদৰে কয় মন্ত্ৰীগৰাকীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0