ভূপালঃ মধ্যপ্ৰদেশত এগৰাকী ৫৪ বৰ্ষীয় সাংবাদিকৰ দেহত কৰ’না পজিটিভ ধৰাৰ পিছতে ৰাজ্যখনৰ দুদিন আগৰ মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ দুয়োগৰাকীয়েই উদ্বিগ্ন হৈ পৰিছে। ইয়াৰ লগতে শংকিত হৈ পৰিছে ৰাজধানী ভূপালৰ সমগ্ৰ সংবাদ মহল আৰু শীৰ্ষ আমোলা-বিষয়াসকল।
ইণ্ডিয়া টুডেত প্ৰকাশিত বাতৰি অনুযায়ী কৰ’না পজিটিভ ধৰা পৰা এইগৰাকী সাংবাদিক উপস্থিত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী কমলনাথে পদত্যাগৰ কথা সদৰী কৰিবলৈ যোৱা ২০ মাৰ্চত আয়োজন কৰা সংবাদমেলত। কিছুদিন পূৰ্বে লণ্ডনৰ পৰা দেশলৈ উভতিছিল এইগৰাকী সাংবাদিকৰ কন্যা। কৰ’না টেষ্টত সাংবাদিকগৰাকীৰ কন্যাৰ দেহত ইতিমধ্যে পজিটিভ ধৰা পৰিছে।