নগাঁওঃ লকডাউনৰ আজি দ্বিতীয় দিন। এই দ্বিতীয় দিনত নগাঁওবাসী ৰাইজে কৰ’নাক ৰুধিবলৈ ঘৰৰ ভিতৰতে সোমাই থকা দেখা গৈছে। আজি পুৱাৰ পৰা এই বাতৰি যুগুতোৱা পৰ্যন্ত নগাঁও সদৰ তথা ইয়াৰ ওচৰ-পাজৰৰ অঞ্চলসমূহত পথ সম্পূৰ্ণৰূপে জনশূন্য হৈ আছে। মাজে মাজে অত্যাৱশ্যাকীয় সামগ্ৰী কঢ়িওৱা তথা আৰক্ষীৰ দুই এখন বাহন চলিলেও সেয়াও তেনেই তাকৰ।
উল্লেখ্য যে, মাৰাত্মক কৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণ ঘটি সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টিৰে শ শ লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ পৰিপ্ৰেক্ষিতত সংক্ৰমণ ৰোধ কৰাৰ অৰ্থে সমগ্ৰ ভাৰততে যোৱা ২৫ মাৰ্চৰ পৰা আৰম্ভ হৈছে ২১ দিনীয়া লকডাউন। এই সময়ছোৱাত সকলোকে সজাগ আৰু সচেতন হ’বলৈ চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সহাঁৰি জনাই সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাবাসী ৰাইজেও বিশেষ সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে।