নতুন দিল্লীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ প্ৰিয় ৰেডিঅ’ অনুষ্ঠান ‘‘মন কী বাত’’ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে৷ আজিৰ ‘মন কী বাত’ত মোদীয়ে লকডাউনৰ ফলত বহু কষ্টৰ সন্মুখীন হোৱা জনতাৰ ওচৰত ক্ষমা বিচাৰি কয়, ‘মই দুঃখিত আপোনালোকে কষ্টৰ সন্মুখীন হ’বলগীয়া হোৱা বাবে। কিন্তু আপোনালোকৰ সুৰক্ষাৰ বাবে এই ‘লকডাউন’ৰ বাহিৰে অন্য কোনো পথ নাছিল৷’ ইয়াৰ লগতে অনুষ্ঠানটোত তেওঁ কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি থকা ৰোগী আৰু চিকিৎসকসকলৰ কথাও বৰ্ণনা কৰে৷
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘পোন প্ৰথমে মই দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছো৷ মোৰ দৃঢ় বিশ্বাস যে আপোনালোকে মোক ক্ষমা কৰি দিব৷ আমি কিছমান এনেকুৱা সিদ্ধান্ত ল’বলগীয়া হৈছে, যাৰ ফলত আপোনালোকে বহুত কষ্ট ভুগিবলগীয়া হৈছে৷ দেশৰ দৰিদ্ৰ ভাই-ভনীসকলৰ ওচৰতো মই ক্ষমা বিচাৰিছো৷ আপোনালোকে সন্মুখীন হোৱা দুখ-কষ্টবোৰ মই অনুভৱ কৰিব পাৰিছো৷ কিন্তু ১৩০ কোটি দেশবাসীক এই বিপদৰ পৰা ৰক্ষা কৰিবলৈ ইয়াৰ বাহিৰে অন্য কোনো উপায় নাছিল৷ সেইকাৰণেই আমি ইমান কঠোৰ সিদ্ধান্ত ল’বলগীয়া হৈছে৷ এই মহামাৰীৰ দ্বাৰা আক্ৰান্ত হোৱা পৃথিৱীৰ দেশবিলাকৰ অৱস্থা দেখি আমি ভাবিবলৈ বাধ্য হৈছিলো যে ইয়াৰ বাহিৰে আমাৰ হাতত আন কোনো পথেই খোলা নাই৷’