গুৱাহাটীঃ ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ কাউঞ্চিলৰ উদ্যোগত অসমৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীকে ধৰি তিনিচুকীয়া, ডিব্ৰুগড়, ডিগবৈ আদি চহৰত কৰ্তব্য সম্পাদন কৰি থকা আৰক্ষী তথা সেনাবাহিনীৰ লোকসকলৰ মাজত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰা হয়৷ সংগঠনটোৰ বিভিন্ন ৰাজ্যত থকা ৰাজ্যিক নেতৃত্বৰ তৰফৰপৰাও মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰা হয়৷
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে সংগঠনটোৱে জৰুৰী কাৰ্যত নিয়োজিত কৰ্মচাৰীসকলৰ মাজত এই সামগ্ৰীসমূহ বিতৰণ কৰাৰ লগতে বিভিন্ন ৰাজ্যত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে যাতে খাদ্যৰ অভাৱত পৰিবলগীয়া নহয় সেই বিষয়টোত গুৰুত্ব আৰোপ কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ তদুপৰি দিন হাজিৰা কৰা লোক আৰু অট’চালক, ৰিক্সাচালক আদিয়ে যাতে এই লকডাউনৰ সময়ত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অভাৱত পৰিবলগীয়া নহয় সেই বিষয়টোতো গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়৷