গুৱাহাটী/ইটানগৰঃ এইবাৰ উত্তৰ-পূবৰ আন এখন ৰাজ্য অন্তৰ্ভুক্ত হৈছে কৰ’না ভাইৰাছত আক্ৰান্তৰ মানচিত্ৰত। বৃহস্পতিবাৰে প্ৰথমজন ব্যক্তিৰ দেহত কৰ’না ভাইৰাছৰ পজিটিভ ধৰা পৰা এই ৰাজ্যখন হৈছে অৰুণাচল প্ৰদেশ।
অৰুণাচল প্ৰদেশত কৰ’না পজিটিভ ধৰা পৰা ঘটনাৰ সৈতেও পোৱা গৈছে ভাৰতৰ কৰ’নাৰ হটস্পট হৈ পৰা ‘ছুপাৰস্প্ৰেডাৰ’ নিজামুদ্দিনৰ ৱাংলেৱালা মছজিদৰ তবলীগ জামাতৰ সৈতে। চৰকাৰী সূত্ৰই সদৰী কৰা মতে, অৰুণাচলৰ এই লোকজনে কিছুদিন পূৰ্বে দিল্লীৰ উক্ত তবলীগ জামাতত ভাগ লৈ গৃহ ৰাজ্যলৈ উভতিছিল।