ভূপালঃ লকডাউন। ঘৰত খুদকণ এটিও নাইকিয়া হৈ পৰিছে। সেয়ে জোৱায়েকক লগত লৈ প্ৰয়োজনীয় দুই-এপদ বস্তু কিনিবলৈ ওলাই গৈছিল ৬৫ বছৰীয়া টিবু মেদা। লকডাউন ভংগ কৰাৰ অপৰাধত আদিবাসী এইজন বৃদ্ধক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে আৰক্ষীৰ বিৰুদ্ধে। দেওবাৰে এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ধৰ জিলাৰ গুজৰি নামৰ গাঁওখনত।
ঘটনাৰ প্ৰত্যক্ষদৰ্শী টিবুৰ জোৱায়েক সঞ্জয়ে দোকানৰ সমুখত শাৰী পাতি থাকোতেই আৰক্ষীয়ে প্ৰহাৰ কৰা বুলি জনাইছে। ‘আমি দৰকাৰী বস্তু কিনিবলৈ এখন দোকানৰ সমুখত শাৰী পাতি আছিলো। তেনেত আৰক্ষী আহিছিল আৰু কাকো একো নোকোৱাকৈ লাঠিৰে কোবাবলৈ আৰম্ভ কৰিছিল।’-নিজৰ ককালত লাঠিৰ কোব লাগিলেও কোনোমতে দৌৰি পলাবলৈ সক্ষম হোৱা বুলি জনাই এইদৰে কয় সঞ্জয়ে।