106
মুম্বাইঃ কৰ’না মহামাৰীৰ মাজতে অজান দেশলৈ গুচি গ’ল বলীউডৰ অভিনেতা ইৰফান খান। মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হাস্পতালত চিকিৎসাধীন হৈ থকা জনপ্ৰিয় অভিনেতাগৰাকীয়ে বুধবাৰে পুৱাই ত্যাগ কৰে শেষ নিশ্বাস।
বিগত কেবাদিনো ধৰি চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকী। স্বাস্থ্যৰ অধিক অৱনতি ঘটাত দিনদিয়েক পূৰ্বে তেওঁক ভৰ্তি কৰা হৈছিল আইচিইউত। কিন্তু চিকিৎসকসকলৰ সকলো প্ৰচেষ্টাই আজি ব্যৰ্থ হৈ পৰে।