কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ যোৱা ১৫ এপ্ৰিলতে দেশৰ জিলাসমূহক মুঠ ৩টা ভাগত ভাগ কৰি দিছিল কেন্দ্ৰই। কৰ’না নিয়ন্ত্ৰণত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণত সহায়ক হোৱাকৈ কৰা এই ভাগ তিনিটা হৈছে ৰেড, গ্ৰীণ আৰু অৰেঞ্জ। এই ৰেড, গ্ৰীণ আৰু অৰেঞ্জ জ’নৰ মাজত কি কি পাৰ্থক্য আছে খৰছি মাৰি সেয়া জানি লও আহকচোন।
ৰেড জ’নঃ যিসমূহ জিলাত কৰ’না আক্ৰান্তৰ হাৰ অধিক, অৰ্থাৎ হটস্পট বা কণ্টেনমেণ্ট এলেকা যিসমূহ জিলাত বেছি, সেই সমূহ জিলাক ৰেড জ’নৰ অন্তৰ্ভুক্ত কৰা হৈছে। অত্যন্ত বিপদযুক্ত বুজাবলৈই এই জিলাসমূহক ৰেড জ’ন হিচাপে চিহ্নিত কৰা হৈছে। এই ৰেড জ’নৰ ক্ষেত্ৰত অত্যন্ত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰশাসন বাধ্য। কিয়নো সাধাৰণ একোটা ভুলেই পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিব পাৰে। সেয়ে লকডাউন আগতকৈও অধিক তীব্ৰ কৰাত এই অঞ্চলসমূহত গুৰুত্ব দিয়া হ’ব।