নতুন দিল্লীঃ দেশত লকডাউনৰ তৃতীয় পৰ্যায়ৰ কথা ঘোষণা কৰাৰ সময়তে কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ৩৭ হাজাৰৰো অধিক। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰিসংখ্যা অনুযায়ী আজি পুৱাৰ ভাগলৈকে মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৩৭ হাজাৰ ৩৩৬ জন। যোৱা ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ২,২৯৩ জন। এয়া হৈছে বিগত কেইদিনত ২৪ ঘণ্টাত হোৱা সৰ্বাধিক সংক্ৰমণ।
আনহাতে মৃ্ত্যুৰ সংখ্যা ক্ৰমাৎ বাঢ়িয়েই আছে। বৰ্তমান দেশত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১২১৮ জন। যোৱা ২৪ ঘণ্টাতেই মৃত্যু ঘটিছে ৭১ জনকৈ লোকৰ। একেদৰে এই সময়ছোৱাত সুস্থ হৈ ঘৰলৈ উভতিছে ৯,৯৫১ জন।