বিশেষ প্ৰতিবেদনঃ কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ সমগ্ৰ বিশ্বৰ দেশে দেশ অব্যাহত থকা লকডাউনৰ ফলত বিধ্বস্ত হৈ পৰিছে ব্যৱসায়-বাণিজ্য। উপাৰ্জন নাইকিয়া হৈ পৰাত গ্ৰাহকসকলে অত্যাৱশ্যাকীয় দুই-এপদ সামগ্ৰীৰ বাদে আন সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ এৰি দিছে। ফলত এতিয়া বন্ধ হোৱাৰ উপক্ৰম ঘটিছে এটাৰ পিছত এটাকৈ উদ্যোগ-প্ৰতিষ্ঠান।
কৰ’না কালৰ এই মন্দাৱস্থাৰ ধুমুহাত বিশ্বৰ চুক-কোণৰ প্ৰায় প্ৰতিটো কোম্পানী বিপৰ্যস্ত হৈ পৰাৰ সময়তো মূৰ দাঙি থকা দেখা গৈছে প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ কেইটামান বছ বছা বৃহৎ প্ৰতিষ্ঠান। কেৱল মূৰ দাঙি উঠাই নহয়, বিবিচিৰ ‘টেকন’লজি ৰিপ’ৰ্টাৰ’ ৰ’ৰি ছেলান জন্সে ভৱিষ্যতবাণী কৰিছে যে কৰ’না ধুমুহা শাম কটাৰ পিছতে এনে কোম্পানীসমূহ অধিক শক্তিশালীহে হৈ পৰিব।