আহমেদাবাদঃ ভাৰতত ক্ৰমাৎ দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ’না ভাইৰাছ। আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিছে ৫০ হাজাৰ। ৰোগবিধৰ সংক্ৰমণৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ পিছত দেশৰ ভিতৰতে দ্বিতীয় স্থানত আছে গুজৰাট। ৰাজ্যখনত আক্ৰান্তৰ সংখ্যাই ইতিমধ্যে পাৰ কৰিছে ৬০০০ৰ সীমা। মৃত্যু হৈছে ৩১৯ জনৰো অধিক লোকৰ।
ৰাজ্যখনত দেখা দিয়া এনে পৰিস্থিতিৰ বাবে এতিয়া কংগ্ৰেছে জগৰীয়া কৰিছে ‘নমস্তে ট্ৰাম্প’ অনুষ্ঠানক। দলটোৰ গুজৰাট ৰাজ্যিক সমিতিয়ে অভিযোগ কৰি কয় যে ফেব্ৰুৱাৰীৰ শেষত ৰাজধানী চহৰ আহমেদাবাদত অনুষ্ঠিত ‘নমস্তে ট্ৰাম্প’ অনুষ্ঠানৰ বাবেই আজি এনে পৰিস্থিতিৰ উদ্ভৱ হ’বলৈ পালে।