108
নতুন দিল্লীঃ তৃতীয় পৰ্যায়ৰ লকডাউন শেষ হ’ব অহা ১৭ মে’ত। ইয়াৰ পূৰ্বেই আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৬০ হাজাৰৰ সীমা। দেওবাৰে পুৱাৰ ভাগত দেশত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় হৈছেগৈ ৬২ হাজাৰ ৯৩৯ জন।
স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা মতে যোৱা ২৪ ঘণ্টাত নতুনকৈ পজিটিভ ধৰা পৰিছে ৩,২৭৭ জন লোকৰ দেহত। এনেদৰে বিগত এটা সপ্তাহত প্ৰতি দিনেই ৩০০০ ৰ অধিক লোক নতুনকৈ সংক্ৰমিত হৈ থকা দেখা গৈছে।