নতুন দিল্লীঃ অৱশেষত মঙলবাৰৰ নিশা ৮ বজাৰ বহু প্ৰতীক্ষিত ভাষণত বিশেষ আৰ্থিক পেকেজৰ বিষয়ে উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কৰ’না সংকটৰ পৰা দেশবাসীক মুক্ত কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ ভাষণত ‘আত্মনিৰ্ভৰশীল ভাৰত’ গঢ়াৰ লক্ষ্যৰে ২০২০ চনৰ বাবে ঘোষণা কৰে ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজ।
ভাষণৰ ২০ মিনিটত তেওঁ কয়, ‘এই আৰ্থিক পেকেজে ভাৰতক আত্মনিৰ্ভৰশীল কৰি তুলিব। সকলোখিনি পেকেজ একলগ কৰিলে ২০ লাখ কোটি টকাৰ সমান হ’ব। এয়া হৈছে জিডিপিৰ প্ৰায় ১০ শতাংশ। ২০২০ চনত ২০ লাখ কোটি টকাৰ পেকেজে আত্মনিৰ্ভৰশীল ভাৰত অভিযানক নতুন গতি প্ৰদান কৰিব।’