ফেক্ট চেকিংঃ পুনৰ ফেক নিউজৰ কবলত পৰিছে মূল সূঁতিৰ অসমৰ সংবাদ মাধ্যম। দিনদিয়েক পূৰ্বে ‘প্ৰতিদিন টাইম’ নামৰ ছেটেলাইট নিউজ চেনেল এটাই মেঘালয়ৰ এগৰাকী মন্ত্ৰী কৰ’নাত আক্ৰান্ত হৈছে বুলি বাতৰি পৰিৱেশন কৰি মেঘালয় আৰক্ষীৰ ৰোষত পৰাৰ পিছত আজি পুনৰ আন কেবাটাও ছেটেলাইট চেনেলৰ বিৰুদ্ধে উক্ত ৰাজ্যখনৰ সৈতে জড়িত এটি ফেক নিউজ সম্প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
বৃহস্পতিবাৰে মেঘালয়ৰ সৈতে জড়িত ফেক নিউজ সম্প্ৰচাৰ কৰা মেইনষ্ট্ৰীম ছেটেলাইট নিউজ চেনেলকেইটাৰ অন্যতম হৈছে প্ৰাগ নিউজ আৰু ডিৱাই ৩৬৫। দুয়োটা নিউজ চেনেলে আজি দিনৰ ভাগত ভূমিস্খলনৰ এটি ভিডিঅ’ শ্বিলঙৰ বুলি সম্প্ৰচাৰ কৰে। উক্ত ভিডিঅ’ চেনেল দুটাই ছ’চিয়েল মিডিয়াতো আপলোড কৰাত সেয়া মুহূৰ্ততে ভাইৰেল হৈ পৰে।