নতুন দিল্লীঃ অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই শনিবাৰে সন্ধিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ঘোষণা কৰিলে পঞ্চম পৰ্যায়ৰ লকডাউন। পূৰ্বতকৈ নীতি-নিয়ম কিছু শিথিল কৰি ঘোষণা কৰা এই লকডাউন অহা ১ জুনৰ পৰা আৰম্ভ হৈ ৩০ জুনত অন্ত পৰিব। লকডাউন অব্যাহত থাকিলেও অহা ৮ জুনৰ পৰা কণ্টেইনমেণ্ট জ’নৰ বাদে বাকী অঞ্চলসমূহত সামাজিক দূৰত্ব বৰ্তাই ৰাখি শ্বপিং মল আৰু ধৰ্মীয় স্থানসমূহ খুলিবলৈ অনুমতি প্ৰদান কৰা হৈছে।
আনলক-১ হিচাপে দাবী কৰা পঞ্চম পৰ্যায়ৰ লকডাউনত ৮ জুনৰ পৰা হোটেল আৰু ৰেষ্টুৰেণ্টসমূহো খোলা ৰাখিব পাৰিব। ধৰ্মীয় উপাসনাস্থলসমূহ খুলিলেও এই সময়ছোৱাত ধৰ্মীয় সভা তথা মেলা আদি অনুষ্ঠিত কৰিব পৰা নাযাব। অৱশ্যে শিক্ষানুষ্ঠান আৰু আন্তৰ্জাতিক বিমানৰ চলাচল কেতিয়াৰ পৰা আৰম্ভ কৰা হ’ব সেয়া সমীক্ষাৰ অন্ততহে নিশ্চিত কৰা হ’ব বুলি জনাইছে গৃহ মন্ত্ৰণালয়ে।